Photo from bhabesh mahanta

Welcome freinds, I shall present one paper on Interdependence of Financial and Personal Behaviour status of Artisans of Bell and Brass Metal Industries of Assam. Please attend

Advertisements

Baudhayana Mathematics Circle

Dear Parents,

Do you think these things about your child?

He/She is weak in Mathematics?

He/She is not interested in Mathematics?

He/She is not scoring high in Mathematics?

He/She need to be stronger in Mathematics?

He/She should know to excel in SAT and Olympiads?

Then, we are here to help you.

For Class V to VIII Standards:

Classes on Sundays From 8 to 10 AM

At BRAHMAPUTRA JATIYA VIDYALAYA

(6, Bir Lachit Path, Survey, Guwahati, Assam)

For Details,

Contact: 7896325636 (From 7-00 to 9-00PM), 8724094735

What is Baudhayana Mathematics Circle?

BMC is a total hands-on training and guidance classroom

for

Quickest Maths

Olympiads, SAT and other Competitions

Academic excellence

We help your child work out his future.

We help your child bloom anywhere he is planted.

We help him stand up with correct application of science in life.

অৰণ্য স্নান – এক অভিনৱ চিকিৎসা পদ্ধতি

ভৱেশ মহন্ত

অৰণ্যৰ সুন্দৰতাই প্ৰায় সকলো মানুহৰ মন আকৰ্ষণ কৰে। মানৱ সভ্যতাৰ প্ৰাচীনতম সমলতো গছ-বনৰ শোভাই মানুহৰ মনত কাব্যিকতাৰ সৃষ্টি কৰাৰ অলেখ উদাহৰণ পোৱা যায়। অৰণ্যৰ পাৰিপাৰ্শ্বিকতাই মানৱ দেহত কিদৰে প্ৰভাৱ পেলায়- এই প্ৰশ্নৰ উত্তৰ বিচাৰি ভালেমান গৱেষণা চলি আছে।

উদাহৰণ স্বৰূপে জাপানীসকলৰ মাজত প্ৰচলিত আছিল যে অৰণ্য স্নানে মানুহৰ হৃদপিণ্ডৰ স্পন্দন আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে, চাপ হৰমনৰ উৎপাদন কমাব পাৰে আৰু আমাৰ দেহৰ সংক্ৰমণ ব্যৱস্থাৰ উন্নতি সাধন কৰিব পাৰে। এই অৰণ্য স্নানৰ উপযোগিতা সম্পৰ্কে বৰ্তমান চলি থকা বিশদ অধ্যয়নৰ ভিত্তিত কিছু কথা পোহৰলৈ আহিছে। তাৰে কিছু কথা তলত আলোচনা কৰা হ’ল।

প্ৰকৃততে অৰণ্য স্নান একো বিশেষ পৰিঘটনা বা প্ৰক্ৰিয়া নহয়। সাধাৰণভাৱে গছ-বনৰ উপস্থিতিত বাস কৰা বা সময় কটোৱাটোৱেই অৰণ্য স্নান। ১৯৮২ চনত জাপানত  দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে অৰণ্য স্নানক জাতীয় স্বাস্থ্য বিধিৰ অন্তৰ্ভূক্ত কৰি ইয়াক এক চিকিতসা পদ্ধতিৰূপে পৰিগণিত কৰে। জাপালীসকলৰ সংস্কৃতিত পৰিৱেশৰ সমাদৰ পুৰণি কালৰ পৰাই আছিল। কিন্তু আজি জাপানীসকলে বিশ্বৰ কেইবাখনো আগশাৰীৰ স্মাৰ্ট চিটি গঢ়ি তুলিছে আৰু জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে অহৰহ চেষ্টা চলাইছে। আমাৰ ভাৰততো স্মাৰ্ট চিটি গঢ়াৰ প্ৰচেষ্টা চলি আছে। এই পৰিস্থিতিত অৰণ্য স্নানক এক বিশেষ মৰ্যাদা প্ৰদান কৰা কথাটো আমি সকলোৱে মন দিব লগীয়া কথা।

অৰণ্য স্নানৰ বাবে আপুনি বিশেষ একো প্ৰস্তুতিও ল’ব নালাগে। মাত্ৰ গছৰ সতে কিছু পৰ কটাওক। গছ-বনৰ পৰিৱেশ এটা বিচাৰি লৈ আপুনি অলপ বহিবও পাৰে বা অলসভাৱে ইফাল –সিফাল কৰি ঘূৰি ফুৰিবও পাৰে – পানীত মাছ এজনীয়ে লাহে লাহে ঘূৰি ফুৰাৰ দৰে। অৱশ্যেই আপোনাৰ উপস্থিতিটো কিবা এটা সাধন কৰিব যোৱাৰ দৰে নহৈ এক স্বাভাৱিক বিনোদনৰ দৰে হ’ব লাগে। কেলিফোৰ্নিয়াৰ এগৰাকী অৰণ্য স্নান বিশেষজ্ঞৰ মতে – অৰণ্য স্নান কৰোঁতে একো যত্ন নকৰিব।

২০০৮ চনৰ পৰা ২০১২ চনলৈ জাপানী বিশেষজ্ঞসকলে অৰণ্য স্নানৰ পৰা হব পৰা শাৰীৰিক আৰু মানসিক প্ৰভাৱ অধ্যয়ন কৰিবলৈকে প্ৰায় চাৰি নিযুত ডলাৰ ধন ব্যয় কৰিছে। এই অধ্যয়নৰ পাছত তেওঁলোকে অৰণ্য স্নান সম্বন্ধীয় ৪৮ বিধ চিকিৎসা প্ৰথা প্ৰস্তুত কৰিছে। টকিওৰ নিপন মেডিকেল স্কুলৰ অধ্যাপক কিং লিয়ে অৰণ্যৰ সংস্পৰ্শলৈ অহাৰ আগতে আৰু পাছত মানৱ দেহৰ স্বাভাৱিক সংহাৰী কোষৰ সক্ৰিয়তাৰ জোখ লৈছিল। আমাৰ দেহৰ স্বাভাৱিক সংহাৰী কোষবোৰে ভাইৰাছ-সংক্ৰমণ, টিউমাৰ সৃষ্টি আদিত বিশেষ প্ৰতিৰোধী ভূমিকা গ্ৰহণ কৰে। সেয়েহে এই বোৰে মানৱ দেহৰ সংক্ৰমণ বিৰোধী ব্যৱস্থা উন্নত কৰা আৰু কৰ্কট প্ৰতিৰোধত বিশেষ প্ৰভাৱ পেলাব পাৰে। ২০৯ চনত লিয়ে প্ৰকাশ কৰামতে অৰণ্য স্নান কৰাৰ পাছৰ সপ্তাহত মানৱদেহৰ স্বাভাৱিক সংহাৰী কোষৰ সক্ৰিয়তা বাঢ়ে আৰু এই ইতিবাচক প্ৰভাৱখিনি একোটা মাহলৈ চলি থকে।

ইয়াৰ কাৰণ হল- গছ-বন আৰু কিছুমান ফল-মূল, পাচলি আদিৰ পৰা বীজাণু আৰু পতংগ-প্ৰতিৰোধী তেল জাতীয় পদাৰ্থ কিছুমান নিৰ্গত হয়। এইবোৰক ফাইটনছাইড বোলে। ফাইটনছাইড উশাহত দেহৰ ভিতৰলৈ সোমালে দেহৰ সংক্ৰমণ প্ৰতিৰোধী ব্যৱস্থা অধিক কাৰ্যকৰী হৈ পৰে। গছ-বন ভৰা পৰিৱেশত ফািটনছাইড প্ৰচুৰ পৰিমাণে থাকে।

জাপানৰ আন এখন বিশ্ববিদ্যলয়ৰ গৱেষকসকলেও ২৮০ গৰাকী লোকৰ ওপৰত অৰণ্য স্নানৰ প্ৰভাৱৰ কথা পৰীক্ষা কৰিছিল। তেওঁলোকে এই লোকসকলৰ দেহৰ ছেলিভাৰি কোৰ্টিছলৰ পৰিমাণ, ৰক্তচাপ, নাড়ী স্পন্দন  আৰু হৃদস্পন্দন দুটা অৱস্থাত পৰ্যবেক্ষণ কৰিছিল। তাৰে প্ৰথমটো হল মহানগৰত বাস কৰা অৱস্থাত আৰু দ্বিতীয়টো হল বনাঞ্চলত ৩০ মিনিট খোজ কঢ়াৰ পাছত। দেখা গৈছিল যে পাছৰ অৱস্থাটোত একেসকল লোকৰে ছেলিভাৰি কোৰ্টিছলৰ গাঢ়তা, ৰক্তচাপ, ছিমপেথেটিক স্নায়ুৰ ক্ৰিয়া আৰু হৃদস্পন্দন কম হয়। আনহাতে তেওঁলোকৰ পেৰাছিমপেথেটিক স্নায়ুৰ ক্ৰিয়া বৃদ্ধি পাইছিল। আমাৰ মানসিক চাপ বাঢ়িলে দেহৰ ছেলিভাৰি কোৰ্টিছলৰ পৰিমাণ বাঢ়ে। আনহাতে পেৰাছিমপেথেটিক স্নায়ৱিক ব্যৱস্থাই দেহৰ প্ৰশান্তি আৰু পৰিপাক শক্তিৰ সবলতা আনে। বিপৰীতক্ৰমে ছিমপেথেটিক স্নায়ৱিক ব্যৱস্থাই আমাৰ মেজাজী সংবেদন নিয়ন্ত্ৰণ কৰে। গতিকে দেখা গ’ল যে অৰণ্যস্নানৰ পাছত মানুহখিনিৰ মানসিক চাপ কমি যায় আৰু মানসিক প্ৰশান্তিৰ অৱস্থা অধিক হয়।

অৰণ্যাঞ্চলৰ প্ৰভাৱত মানসিক পৰিবৰ্তনৰ কথাটো পৰ্যবেক্ষণৰ বাবে আন এটা পৰীক্ষাত ৪৯৮ জন লোকৰ ওপৰত পৰীক্ষা চলোৱা হৈছিল। তাতো দেখা গৈছিল যে গছ-বনৰ উপস্থিতিত মানুহৰ হতাশা আৰু অসূয়াৰ মনোভাৱ কমে আৰু স্নায়ৱিক সতেজতা বাঢ়ে।

আমাৰ চহৰ বা মহানগৰৰ বাসিন্দাসকলে অৰণ্য স্নানৰ বাবে কোনো উদ্যানলৈ যাব পাৰে। গৱেষকসকলৰ মতে কম সময়ৰ অৰণ্য স্নানেও মানসিক চাপ বুজন পৰিমাণে কমায়। আকৌ অৰণ্যস্থানে ছাত্ৰ-ছাত্ৰীৰ মনোযোগহীনতাও কমাব পাৰে। তাৰ বাবে গছ-বনৰ লগত দীঘলীয়া সান্নিধ্যতকৈও নিয়মিত সান্নিধ্যই যথেষ্ট বুলি কোৱা হৈছে।

২০১৪ চনত জুলিয়া প্লেভিন নামৰ অৰণ্য স্নানৰ এগৰাকী উদ্যোক্তাই ছেন ফ্ৰান্সিছকোত প্ৰায় ২০০ লোকৰ এটা অৰণ্য স্নান ক্লাৱ গঠন কৰিছিল। তেওঁলোকে মাহেকত লগ হৈ অৰণ্য স্নান কৰে। প্লেভিনে কয় – এই অৰণ্য স্নান হল আমাৰ ফোন, কম্পিউটাৰ, ছ’ছিয়েল মিডিয়া, ইমেইল আদিৰ পৰা মুক্তি দিব পৰা এটা আদৰণীয় ব্যৱস্থা।

……………………………………………………………….

লেখকৰ ঠিকনা-

৬, বীৰ লাচিত পথ, ছাৰ্ভে

বেলতলা, গুৱাহাটী।

পিন ৭৮১০২৮

ইমেইল – bhabesh@iitg.ernet.in

গৰুড় সঞ্জীৱনীৰ গতি ৰহস্য

ওপৰৰ ছবিখনত পানীৰ সোঁতৰ প্ৰভাৱত থকা গৰুড় সঞ্জীৱনীৰ আনুমানিক ছবি এখন দিয়া হৈছে।
প্ৰথমে ইয়াৰ ওপৰত পানীৰ খুন্দাতকৈ পানী বাগৰি অহা কথাটোলৈ মন দিয়ক।
বাগৰি আহিবলৈ লোৱা পানীখিনিয়ে দুটা পথ লয়- এটা ওপৰেৰে আৰু আন এটা তলেৰে। এয়া কাঁড় চিনেৰে দেখুওৱা হৈছে।
ভাবিলে ওলাই পৰিব যে ওপৰৰ পথটো দীঘলীয়া আৰু তলৰ পথটো চমু। অৰ্থাৎ ওপৰৰ পানীৰ সোঁতচলাই এটা সময়ত যিমান দূৰ গতি কৰে, তলৰ পানীচলাই সিমান সময়তে কম দূৰ গতি কৰে। মানে ওপৰৰ পানীচলাৰ বেগ বেছি আৰু তলৰ চলাৰ বেগ কিছু কম।
এতিয়া বোঁৱতী তৰল এবিধৰ লগত সংলগ্ন শক্তি সম্বন্ধে বিজ্ঞানী বাৰ্নুলিৰ সূত্ৰৰ কথা মনলৈ আনক। বাৰ্নুলিয়ে প্ৰমাণ কৰিছিল যে এভাগ বোঁৱতী তৰলৰ মুঠ শক্তি পথছোৱাৰ সকলো অংশতে সমান থাকে আৰু এই মুঠ শক্তিৰ তিনিটা ভাগ থাকে। সেইবোৰ হ’ল – গতি শক্তি, স্থিতি শক্তি আৰু চাপ। তেওঁ এয়া প্ৰমাণ কৰিছিল যে বোঁৱতী পানীভাগৰ কোনো এটা বিন্দুত গতি শক্তি বেছি হ’লে চাপ কম হ’ব আৰু গতি শক্তি কম হ’লে চাপ বেছি হ’ব।
এই কথাৰ পৰা অনুমান কৰিব পাৰি যে গৰুড় সঞ্জীৱনী ডালৰ ওলোটা u ৰ দৰে ফালটোত (ছবিত ওপৰৰ ফালত) পানীৰ বেগ বেছি বাবে ইয়াত এটা কম চাপ অঞ্চল সৃষ্টি হ’ব। আনহাতে ঠিক তাৰ তলৰ ফালটোত কম বেগ আৰু উচ্চ চাপ অঞ্চল সৃষ্টি হ’ব।
এই উচ্চ চাপে গৰুড় সঞ্জীৱনীপাত সোঁতৰ বিপৰীতে ঠেলিব আৰু ই সোঁত অহাৰ ফালে গতি কৰিব ধৰিব।
বিমান এখন কিয় ভাঁহি থাকে বাৰু? তাতো প্ৰায় একে পৰিঘটনা সৃষ্টি হয়। বিমান খনৰ পাখিৰ তলত সৃষ্টি হোৱা উচ্চ চাপে তাক ওপৰলৈ ঠেলে।
সেই নিচিনা, পানীৰ সোঁতত চলা এবিধ পানীচকৰি বা টাৰ্বাইন ৰ কথাও এই ক্ষেত্ৰত আঙুলিয়াব পাৰি। পানী চকৰি অৱশ্যে দুবিধ আছে। এবিধ প্ৰঘাত চকৰি (Impulse turbine) আৰু আন বিধ বিক্ৰিয়ক চকৰি (Reaction Turbine)। বিক্ৰিয়ক চকৰিতো এবিধ তৰল (পানী, গেছ বা বাষ্প) চকৰিৰ পাতৰ ওপৰেদি বৈ যায় আৰু ইয়াতো পাতচলাৰ এফালে নিম্ন চাপ আৰু আনফালে উচ্চ চাপ অঞ্চল তৈয়াৰ হয়। চাপৰ এই তাৰতম্যৰ বাবেই চকৰিটো চলে। তদুপৰি ইয়াত আন এটা কথা হয়। সেয়া হ’ল পাতচটাৰ ওপৰেদি পিছলি অহা পানীৰ ক্ৰিয়াৰ বিপৰীতে পাতচটাই এটা বিক্ৰিয়া কৰি পিছ হুহুকি যায়। ইয়াৰ বাবে এনে চকৰিক বিক্ৰিয়ক চকৰি বোলে।

উত্তৰদাতা- ভৱেশ মহন্ত।

BLOOM ANYWHERE